'শব্দ' অসমীয়া অভিধান
Xobdo নামৰ কম্পিউটাৰ চফটৱেৰটো হৈছে আপোনাৰ কম্পিউটাৰ বা PC ত অসমীয়া আৰু ইংৰাজী শব্দৰ অৰ্থ বিচাৰি উলিয়াবৰ বাবে ব্যৱহৃত এটা অসমীয়া অভিধান চফটৱেৰ (Assamese Dictionary software for PC). ই হল xobdo.org নামৰ অনলাইন ডিক্সনেৰী খনৰ সংক্ষিপ্ত আৰু অফলাইন ৰূপ । অফলাইন বুলি এই কাৰণেই কোৱ হয় যে ইয়াক কম্পিউটাৰত ইনষ্টল কৰাৰ পাছত কোনো ধৰণৰ ইণ্টাৰনেট সংযোগ নকৰাকৈয়ে এইটো ব্যৱহাৰ কৰিব পাৰি ।
এই Xobdo নামৰ Dictionary চফটৱেৰটোত হাজাৰ হাজাৰ অসমীয়া আৰু ইংৰাজী শব্দৰ ইংৰাজী অৰ্থ সহজে বিচাৰি উলিয়াব পাৰি । এই ছফটৱেৰটো প্ৰায় সকলো ধৰণৰ উইণ্ডোজ চালিত কম্পিউটাৰত ইনষ্টল কৰিব পাৰি আৰু সকলোতকৈ ভাল কথাটো হল এই শব্দ অসমীয়া অভিধান চফটৱেৰটো সম্পুৰ্ণ বিনামূলীয়াকৈ ডাউনলোড আৰু ব্যৱহাৰ কৰিব পাৰি ।
তলৰ লিংকযোগে বিনামূলীয়াকৈ ডাউনলোড কৰক অসমীয়া অভিধান চফটৱেৰ শব্দ -
No comments :
Post a Comment